আধাৰ কাৰ্ডৰ সৈতে লিংক কৰাব লাগিব ভোটাৰ আই ডি কাৰ্ড!
পেন কাৰ্ডৰ পিছত এইবাৰ আধাৰ কাৰ্ডৰ সৈতে ভোটাৰ আই ডি কাৰ্ড লিংক কৰাব
লাগিব। মিডিয়া ৰিপৰ্টচ অনুসৰি কেন্দ্ৰীয় আইন মন্ত্ৰণালয়ে ইতিমধ্যে নিৰ্বাচন
আয়োগে দিয়া প্ৰস্তাৱক সন্মতি জনাইছে। কিন্তু আইন মন্ত্ৰণালয়ৰ তৰফৰ পৰা
কোৱা হৈছে যে, যাতে সমগ্ৰ প্ৰক্ৰিয়াটো ভালদৰে সমাপন কৰিব পৰা যায়, তাৰ
আগতীয়া ব্যৱস্থা কৰিব লাগে।
আধাৰ কাৰ্ডক ভোটাৰ আই ডি
কাৰ্ডৰ সৈতে লিংক কৰিবলৈ কেন্দ্ৰীয় আইন মন্ত্ৰণালয়ে বিশেষ কিছু চৰ্ত
ৰাখিছে। আইন মন্ত্ৰণালয়ে সন্মতি জনোৱাৰ পিছত নিৰ্বাচন আয়োগে ভোটাৰ আই ডি
কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড লিংক কৰোৱাৰ আইনীয় অধিকাৰ লাভ কৰিব পাৰে বুলি বাতৰি
প্ৰকাশ কৰা হৈছে।
উল্লেখযোগ্য যে, নিৰ্বাচনী আয়োগে ইয়াৰ আগতেও ২০১৫ চনত আধাৰ কাৰ্ডৰ সৈতে
ভোটাৰ ফটো পৰিচয় পত্ৰ(EPIC)ৰ সৈতে লিংক কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল।
No comments:
Post a Comment