Friday, January 24, 2020

আজি বিজেপি-অগপৰ সংকল্প যাত্ৰালৈ আত্মসহায়ক গোটৰ মিটিং বুলি কৈ নিছিল মহিলাক


YouTube  Facebook


বোকাখাতত বিজেপিয়ে আয়োজন কৰা সংকল্প যাত্ৰাত বৰপথাৰ নগৰৰ কালিবাড়ীত সংঘটিত হয় অথন্তৰ৷ ঘৰৰ পৰা গোটৰ মিটিঙলৈ বুলি ওলাই অহা এইসকল মহিলাই বিজেপিৰ মিটিং বুলি জানিব পাৰি বোকাখাতলৈ যাবলৈ অমান্তি হৈ আধাবাটতে নামি দিয়ে৷ 

 

বিজেপি-অগপৰ সংকল্প যাত্ৰালৈ আত্মসহায়ক গোটৰ মিটিং বুলি ফাঁকি দি নিছিল মানুহ। আত্মসহায়ক গোটৰ মিটিং থকা বুলি কৈ সংকল্প সমাৰোহলৈ সৰুপথাৰৰ পৰা লৈ যোৱা হৈছিল এদল মহিলাক। কিন্তু মহিলাসকলে সত্য বুজি আদবাটৰ পৰাই উভতি আহিল ঘৰলৈ।

 

ইফালে সৰুপথাৰৰ একাংশ বিজেপি পালিনেতা আৰু সৰুপথাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াজনে জোৰজবৰদস্তি গাড়ীখন লৈ যাব বিচাৰে যদিও মহিলাসকল গাড়ীৰ পৰা নামি দিয়ে৷ আনহাতে, বিজেপি মিটিঙলৈ নোযোৱা মহিলাসকলক এজন বিজেপি নেতাই গাড়ীৰ ভিতৰৰ পৰা বেয়াকৈ গালি গালাজ কৰা বুলি মন্তব্য কৰে মহিলাসকলে৷ 

 

YouTube  Facebook


No comments:

Post a Comment