চৰকাৰক বাধ্য কৰিব পৰাকৈ অসমত এতিয়াও জোৰদাৰ আন্দোলন হোৱা নাইঃ অখিল গগৈ
শুকুৰবাৰে
পুৱাই NIAৰ
বিশেষ আদালতত হাজিৰ কৰা হয়
কৃষক নেতা অখিল গগৈক। আদালতৰ
চৌহদতে সকলোকে ঐক্যবদ্ধ
আন্দোলন কৰিবলৈ আহ্বান অখিল
গগৈৰ।
১৪ দিনৰ
ন্যায়িক জিম্মাৰ অন্তত পুনৰ
কেন্দ্ৰীয় অনুসন্ধান সংস্থাৰ
বিশেষ আদালতত হাজিৰ কৰোৱা হয়
অখিল গগৈক। চৰকাৰক বাধ্য
কৰিব পৰাকৈ অসমত এতিয়াও জোৰদাৰ
আন্দোলন হোৱা নাইঃ অখিল গগৈ
অসমত
এতিয়া প্ৰতীকী আন্দোলন কৰি
লাভ নাই,
জনসাধাৰণ
ঐক্যবদ্ধ হোৱাৰ সময় ৷ ঐক্যবদ্ধ
ভাবে জোৰদাৰ আন্দোলন কৰিব
লাগে,
নহ’লে
অসমবাসী পুনৰ বিশ্বাসঘাটকতাৰ
বলি হব ৷ – এই মন্তব্য কৃষক
নেতা অখিল গগৈৰ।
No comments:
Post a Comment